>

Thursday, September 23, 2010

ইন্টাৰনেটৰ যুগ

বৰ্তমানৰ যুগটোৱেই হৈছে ইন্টাৰনেটৰ যুগ। কিছুদিনৰ আগলৈকে ইন্টাৰনেটত যদিও কেৱল মাত্র ইংৰাজী ভাষাটোকেই প্রাধান্য দিয়া হৈছিল, কিন্তু এতিয়া সময় সলনি হ’ল। ইন্টাৰনেটক জনসাধাৰণৰ মাজত ব্যাপক ৰূপত প্রসাৰ ঘটাবলৈ আৰম্ভ হবলৈ ধৰিলে বিভিন্ন আঞ্চলিক ভাষাসমূহৰ সংযোজন। বিশ্বৰ বিভিন্ন প্রান্তৰ ভাষাৰ লগতে বৰ্তমান ইন্টাৰনেট চানি আছে ভাৰতৰ বিভিন্ন প্রান্তৰ আঞ্চলিক ভাষাসমূহ। ইয়াৰ ভিতৰত তামিল, তেলেগু, বাংলা, গুজৰাটী, মালায়ালাম আদিবোৰেই প্রধান। নিতৌ ন ন পৰীক্ষাৰে এই ভাষা সমূহৰ ব্যাপক প্রয়োগ ঘটিবলৈ আৰম্ভ হৈছে। কিন্তু অতি দুখ লগাকৈ পিছ পৰি আছে ভাৰতৰ ভিতৰত মুখ্য ভাষা হিচাপে পৰিচিত আমাৰ অসমীয়া ভাষাটো। হয়তো আমাৰ এলাগী ভাব,অমনোযোগিতা বা প্রয়োগৰ অসুবিধাৰ বাবেই ই এতিয়াও ভালেখিনি পিছপৰি আছে। এতিয়াও কম্পিউটাৰত অসমীয়া ভাষাৰ প্রয়োগৰ প্রযুক্তিগত দিশ সিমানখিনি উন্নত হোৱা নাই। লিপ অফিচ, ৰামধেনু আদি বিভিন্ন চফ্টৱেৰ আছে যদিও ইয়াৰ ব্যাপক ব্যবহাৰ এতিয়াও বহু যোজন আঁতৰত। কিন্তু ইয়াৰ ভিতৰত অভ্র চফ্টৱেৰ টো অসমীয়া ভাষা টো লিখিবলৈ যথেষ্ট সুবিধাজনক হিচাপেই বোধ হয়। যদিও ইয়াক মুলতঃ বাংলা আখৰৰ বাবেহে তৈয়াৰ কৰা হৈছে, তথাপি অসমীয়া আখৰৰ বাবেও নিৰ্দিষ্ট ব্যৱস্থা আছে। তলত অসমীয়া ভাষা টো অভ্রৰ যোগেদি লিখাৰ পদ্ধতি, সুবিধা অসুবিধা বোৰ বাখ্যা কৰা হ’ল-